এ পি ডি চি এলৰ প্ৰাক্তন কৰ্মচাৰী, লেখিকা জিনা শইকীয়াৰ মৃত্যু

ডিজিটেল সেৱা : নগাঁও চহৰৰ পানীগাঁও শংকৰ মিছন পথ নিৱাসী অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সু লেখিকা তথা সংগীত শিল্পী জিনা শইকীয়া(৭২)ৰ কালি নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । বিগত কিছু বছৰ ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল । নগাঁও ছোৱালী কলেজৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা জিনা শইকীয়া অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল । দুখনকৈ গ্ৰন্থৰ প্ৰণেতা জিনা শইকীয়াৰ প্ৰবন্ধ বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছিল । এগৰাকী সংগীত শিল্পী হিচাপে পৰিচিত জিনা শইকীয়াই আবৃত্তিকাৰ হিচাপেও সুনাম অৰ্জন কৰিছিল । নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা ক্ৰীড়া সাংবাদিক যাদৱ শইকীয়াৰ পত্নী জিনা শইকীয়াৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে । সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মা, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন , নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক তপন দাস, কোষাধ্যক্ষ অসীম ভাৱাল, নগাঁও প্ৰেছ ক্লাব, নগাঁও প্ৰিন্ট মিডিয়া এছ’চিয়েশ্বন,নগাঁও লেখিকা সংস্থাকে ধৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত জিনা শইকীয়াই স্বামী যাদৱ শইকীয়া, একমাত্ৰ কন্যা নিদৰ্শনা শইকীয়া, জোঁৱাই,নাতি-নাতিনী সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ।

Related Articles