ডিজিটেল সেৱা : অহা ২১ জুন দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) অৰ্থাৎ নীট ২০২৬ৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিকল্প পথৰ সন্ধান কৰা হৈছে। যিহেতু সুৰক্ষা মূলক ব্যৱস্থা হিচাপে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী অথবা পৰীক্ষাৰ লগত জড়িত ব্যক্তিৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে সেয়ে পৰীক্ষা কেন্দ্ৰ কেইটাৰ আশে-পাশে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ব্যৱস্থাপনাৰ বুজ লবলৈ আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পৰীক্ষা কেন্দ্ৰ সমূহ পুনৰ পৰিদৰ্শন কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰক লগত লৈ আয়ুক্ত গৰাকীয়ে যানবাহন চলাচলৰ ব্যৱস্থাৰ বুজ লোৱাৰ লগতে জনসাধাৰণ যাতে বিশেষ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকে নগাঁও বিশ্ববিদ্যালয়, নগাঁও ছোৱালী কলেজ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু পি.এম. শ্ৰী কেন্দ্ৰীয় বিদ্যালয় পৰিদৰ্শন কৰি পৰীক্ষাৰ দিনা যান-বাহন তথা মানুহৰ আহ-জাহ নিয়ন্ত্ৰণ আৰু যান-বাহনৰ নিষিদ্ধ কৰিবলগীয়া স্থানসমূহৰ বুজ লয়। তেওঁলোকে মূল পথসমূহৰ উপৰি বিকল্প উপ-পথসমূহৰ ব্যৱস্থাসমূহো পৰ্যবেক্ষণ কৰে, যাতে পৰীক্ষাৰ দিনা সাধাৰণ ৰাইজৰ নিয়মীয়া যাতায়তত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। উল্লেখ্য যে, পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত পৰীক্ষাৰ দিনা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দুয়োদিশে পৰীক্ষাৰ্থীসকলৰ বাহিৰে অন্য লোকৰ প্ৰৱেশ তথা সকলো ধৰণৰ যান-বাহন পাৰ্কিং, চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ তৰফৰ পৰা সমূহ জিলাবাসীৰ লগতে পৰীক্ষাৰ্থীসকলৰ অভিভাৱক তথা আত্মীয়-স্বজনক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ জিলা আয়ুক্তই অনুৰোধ জনাইছে।
দেওবাৰে নীট পৰীক্ষা: নগাঁও চহৰত নিয়ন্ত্ৰিত হ’ব যানবাহনৰ চলাচল