বিন্নাকান্দিৰ চাৰিং গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ধন লুণ্ঠন

জমিৰ উদ্দিন তালুকদাৰ

হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিং পথাৰ গাওঁ পঞ্চায়তখনৰ সভানেত্ৰী আবিদা বেগম আৰু তেওঁৰ স্বামী মামুন ৰচিদৰ বিৰুদ্ধে পঞ্চায়তখনত আবন্টিত উন্নয়নমূলক আঁচনিত ব্যাপক অনিয়মৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে পঞ্চায়ত৷ আজি গাওঁ পঞ্চায়তখনৰেই একাংশ লোকে পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এই দুৰ্নীতিক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়তৰখনৰ কাম কাজ কৰাৰ বাবে জিলা পৰিষদৰ ফালৰ পৰা যোগান ধৰিছিল এটি কম্পিউটাৰ চেট আৰু প্ৰিন্টাৰ৷ সেই কম্পিউটাৰ চেটটোৰ লগতে আন দুটা কম্পিউটাৰ আৰু প্ৰিন্টাৰ কিনা বুলি দেখুৱাই পঞ্চায়তৰ বাবে আবন্টিত পঞ্চদশ বিত্তীয় আয়োগৰ ধন আত্মসাত কৰাৰো অভিযোগ উত্থাপন হৈছে৷ তাৰোপৰি লোক নিৰ্মান বিভাগৰ পথৰ ভূমিৰ ওপৰত অনৈতিকভাৱে পঞ্চায়ত চৌহদৰ পকী দেৱাল নিৰ্মানৰ নামত ধন আবন্টন কৰি ব্যয় কৰাক লৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷ বিভাগীয় অভিযন্তাৰ অজ্ঞাতে এই কাম কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ অভিযন্তা নৱ বনীয়াক এই বিষয়ে সোধাত তেওঁ অজ্ঞতা প্ৰকাশ কৰে৷ পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মান কৰা এই দেৱালখন সন্দৰ্ভত তদাৰকী অভিযন্তা গৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰাত ৰহস্যৰ সৃষ্টি হৈছে৷ কিছুদিন পাছত লোকনিৰ্মান বিভাগে এই দেৱালখন ভাঙি দিলে চৰকাৰী ধন এনেই অপচয় হোৱাৰ শংকা কৰা হৈছে৷ জলজীৱন মিছনৰ পানী যোগানৰ পাইপ লাইনৰ কামৰ বিপৰীতে পানীৰ মটৰ মেৰামতি কৰা দেখুৱাই ধন আত্মসাত কৰাৰো অভিযোগ৷ পঞ্চায়তৰ পৰা বিশ কিলোমিটাৰ দূৰৈৰ ডবকাৰ কোনো অজ্ঞাত স্থানৰ পানীৰ মটৰৰ জিঅ’ টেগ ফটো ব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে পঞ্চায়তৰ এজন লোকে৷ এই সন্দৰ্ভত পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগম আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে দুটাকৈ গোচৰ মোৰাঝাৰ আৰক্ষী থানত দিয়া হৈছে বুলি স্থানীয় একাংশ ৰাইজে জানিবলৈ দিছে৷

Related Articles