কাৰ ভুলৰ বাবে দ’ খাৱৈত পৰি মৃত্যু হ’ল তিনি কিশোৰ-কিশোৰীৰ ?

জমিৰউদ্দিন তালুকদাৰ◆

পাহাৰৰ মাটিত জেচিবিৰে একাংশ লোকে খনন কৰাৰ ফলত সৃষ্টি হোৱা দ’ খাৱৈত পৰি মংগলবাৰে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলিত দুগৰাকী কিশোৰীৰ লগতে এজন কিশোৰৰ সলিল সমাধি ঘটে৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ডবকা পাহৰৰ নামনি অংশৰ সমতল ভূমিত স্থানীয় কেইগৰাকী মান লোকে পাহাৰৰ মাটি জেচিবিৰে খান্দি এটা দ’ খাৱৈৰ সৃষ্টি কৰে৷ মদাৰতলি গাঁৱৰ তিনি কিশোৰ-কিশোৰীয়ে প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ওচৰৰে খাৱৈটোত জলকেলি কৰি থকাৰ সময়ত হঠাৎ দ’ ঠাইত পৰি সলিল সমাধি ঘটে৷ পাহাৰৰ দ’ খাৱৈত পৰি অকাল মৃত্যুক সাৱটি লোৱা তিনি কিশোৰ-কিশোৰী হৈছে ক্ৰমে জাব্ৰাখোৱা এল পি স্কুলত তৃতীয় শ্ৰেণীত অধ্যয়ন কৰি থকা জয়ৰাম ৰাওতীয়াৰ পুত্ৰ পৱন ৰাওতীয়া, মদাৰতলি এল পি স্কুলত চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা পুতুল বড়োৰ কন্যা সন্ধ্যা বড়ো আৰু অনিল বৰ্মনৰ কন্যা প্ৰীতি বৰ্মন৷ লগে লগে ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ তিনিওটা কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি ডবকা হস্পিটালত লৈ যায়৷

চিকিৎসকে তিনিও কিশোৰৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ আৰক্ষীয়ে সকলো ধৰণৰ ব্যৱস্থা কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে৷ আজি দিনৰ তিনি মান বজাত তিনিও কিশোৰ-কিশোৰীৰ মৃতদেহ গাওঁখনলৈ লৈ অহাৰ পিছত এক অবৰ্ণনীয় শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ স্থানীয় শ্মশানত তিনিওটা কিশোৰ-কিশোৰীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে তিনি ফুলকুমলীয়া কিশোৰ-কিশোৰীৰ মৃত্যু হ’ল, ইয়াকে কেন্দ্ৰ কৰি গাওঁখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ স্থানীয় গাওঁবাসীয়ে অভিযোগ কৰা মতে, জনৈক দীপক বড়ো, বিপুল দাস আৰু অহিত বড়োৱে জেচিবি লগাই পাহাৰৰ মাটি কাটি ডাম্পাৰেৰে বিক্ৰী কৰাত ডবকা পাহাৰৰ নামনি অংশত দুই বিঘা মাটিত প্ৰায় ৩০/৪০ ফুট দ’ খাৱৈৰ সৃষ্টি কৰিছে৷ আজি ডবকা ৰাজহ চক্ৰ বিষয়া আৰু বন বিভাগে যৌথ তদন্ত কৰি মাটিখিনি ডবকা বনাঞ্চলৰ বুলি নিশ্চিত কৰে৷

পাহাৰৰ মাটিত কাৰ সাহসত এই তিনি জন লোকে খনন কৰি এইদৰে দ’ খাৱৈৰ সৃষ্টি কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, এয়া তিনি কিশোৰ-কিশোৰীৰ স্বাভাৱিক মৃত্যু নহয়, বৰং এয়া এটা চক্ৰৰ বনাঞ্চলৰ ভূমিত অবৈধ খননৰ বাবে সংঘটিত ঘটনা বুলি উল্লেখ কৰিছে৷ এতিয়া বন বিভাগ আৰু আৰক্ষীয়ে এই লোক কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হব লক্ষণীয়৷ তিনিটা সন্তান হেৰুৱা পৰিয়াল কেইটাক উপযুক্ত ক্ষতিপূৰণৰো দাবী জনাইছে৷

Related Articles