ডিজিটেল সেৱা, নগাঁও: ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে…..’ গাই উজনি অসমৰ বিভীষিকাময় বানপানীৰ সময়ত দুৰ্দশাগ্ৰস্ত ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। আজি নগাঁও চহৰত বানপীড়িত ৰাইজৰ সাহাৰ্যাৰ্থে “কণ্ঠশিল্পী অসম’ নামৰ সংগঠনটোৰ উদ্যোগত “সুৰীয়া আহ্বান” শীৰ্ষক বিশেষ বান সাহাৰ্য সংগ্ৰহ আৰু বিতৰণ অভিযানত উদগনি যোগাই তেওঁ এই আহ্বান।

এই কাৰ্যসূচীত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও অংশগ্ৰহণ কৰি উদ্যোক্তা সকলৰ পদক্ষেপৰ শলাগ লয়। এই বিশেষ অভিযানৰ মাধ্যমেৰে যোৰহাট, টীয়ক, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, শিমলুগুৰি আৰু সোণাৰি আদি বানপ্লাবিত অঞ্চলসমূহৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ মাজত খাদ্যবস্তু আৰু প্ৰয়োজনীয় সামগ্রী, বিশেষভাৱে ঔষধ-পাতি বিতৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিল্পীসকলৰ এই মানৱীয় পদক্ষেপৰ জিলা আয়ুক্তই ভূয়সী প্ৰশংসা কৰি কয় যে, দুৰ্যোগৰ এই কঠিন সময়ত সকলোৱে ঐক্যবদ্ধ হৈ সংকটগ্ৰস্ত ৰাইজৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱাটো অতি প্ৰয়োজনীয়, আৰু কণ্ঠশিল্পী অসমৰ এই প্রয়াসে সমাজলৈ এক ধনাত্মক বার্তা প্ৰেৰণ কৰিছে। আজিৰ এই কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ লগতে ৰাজ্যখনৰ আৰু জিলাখনৰো কেইবাগৰাকীও শিল্পী উপস্থিত থাকে। বানপীড়িতলৈ শিশুৰ অৰিহণা : ইফালে জিলাখনৰ কাছমাৰিৰ শিশু শুভ্ৰ কিংকৰ (জোনাক) য়ে বানপীড়িতৰ সহায়ৰ বাবে
আজি নিজৰ সঞ্চয় পাত্ৰত সযতনে জমা কৰি ৰখা বিগত বহু বছৰৰ সমস্ত সঞ্চয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক সাহাৰ্য হিচাপে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ হাতত আনুষ্ঠানিকভাবে অৰ্পণ কৰে। তেওঁ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰে। কনমানি জোনাকৰ এই প্ৰেৰণাদায়ক পদক্ষেপক ভূয়সী প্ৰশংসা কৰি জিলা আয়ুক্তই কয় যে শুভ্ৰ কিংকৰৰ দৰে এটি কনমানি শিশুৰ এনে চিন্তা আৰু মানসিকতাই সমাজলৈ এক অপূৰ্ব যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে। তেওঁ জোনাকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে তেওঁৰ অভিভাৱকসকলকো এনে সু-সংস্কাৰ প্ৰদান কৰা বাবে আন্তৰিক ধন্যবাদ জনায়।