নগাঁৱত লোকপিয়লৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিবলৈ আহ্বান আয়ুক্তৰ

নগাঁৱত লোকপিয়লৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিবলৈ আহ্বান আয়ুক্তৰ

ডিজিটেল সেৱা, নগাঁও: লোকপিয়ল ২০২৭ ৰ বাবে নিযুক্তিপ্ৰাপ্ত জিলাখনৰ গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী যোৱা ২০ জুলাইৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। এই উপলক্ষে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গণনাকাৰী আৰু পৰিদৰ্শক সকলৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ উদ্বোধনী ভাষণত উপস্থিত … Read more

নাজিৰাৰ বানাক্ৰান্তৰ কাষত বদৰুদ্দিন আজমল: ২ কোটি টকাৰ সাহায্য ঘোষণা

নাজিৰাৰ বানাক্ৰান্তৰ কাষত বদৰুদ্দিন আজমল: ২ কোটি টকাৰ সাহায্য ঘোষণা

ডিজিটেল সেৱা,গেলেকী: শেহতীয়া প্ৰলয়ংকৰী বানত বিধ্বস্ত নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈছে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট চমুকৈ (AIUDF) ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। শুক্ৰবাৰে তেওঁ নাজিৰাৰ বানত অতিশয় ক্ষতিগ্রস্ত চন্টক অঞ্চলত সশৰীৰে উপস্থিত হৈ ক্ষতিগ্রস্ত ৰাইজৰ দুখ-দুৰ্দশা আৰু অৱস্থাৰ বুজ লয়। উক্ত পৰিদৰ্শনৰ পূৰ্বেই মৌলানা আজমলে নাজিৰাৰ বানাক্ৰান্ত অঞ্চলসমূহৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে … Read more

পাঁচ গৰাকী নীট উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ

পাঁচ গৰাকী নীট উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ নগাঁও জিলাৰ বলিকটীয়া ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ এক বিশেষ কামক সকলোৱে শলাগ লৈছে৷ চিকিৎসক গৰাকীয়ে আজি নিজৰ জন্মস্থান আৰু কৰ্মস্থান বলিকটীয়া অঞ্চলৰ পাঁচ গৰাকী নীট উত্তীৰ্ণ সফল শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়৷ এইবাৰৰ নীট পৰীক্ষাত সফলতাৰে যোগ্যতা অৰ্জন কৰি বৃহত্তৰ বলিকটীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পাঁচ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী … Read more

তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ JAS কমিটিৰ সভাত একাধিক প্ৰস্তাৱ

তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ JAS কমিটিৰ সভাত একাধিক প্ৰস্তাৱ

◆ছফিৰ উদ্দিন, তাৰাবাৰী◆ উত্তৰ নগাঁৱৰ সংখ্যালঘু অধ্যুষিত বৰ্তমানৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত আজি JAS (Jan Arogya Samiti) কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা ,সভানেত্ৰী তথা গড়াজান জিলা পৰিষদৰ সদস্যা মমতাজ বেগমৰ সভাপতিত্বত অনুষ্ঠিত হয় । সভাত চিকিৎসক ডাঃ আয়ুৱ জাবেদ, JAS কমিটিৰ সদস্যবৃন্দ তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । সভাত অঞ্চলবাসীৰ স্বাস্থ্যসেৱা অধিক … Read more

নগাঁও জিলাৰ বেঙেনাআটিত জল জীৱন মিছনৰ অচল অৱস্থা

নগাঁও জিলাৰ বেঙেনাআটিত জল জীৱন মিছনৰ অচল অৱস্থা

ডিজিটেল সেৱা, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আচঁনি জল জীৱন মিছনৰ বৰ্তমান অচল অৱস্থা। নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বেঙেনাআটিৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে বেঙেনাআটিত দুটাকৈ স্থানত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (নগাঁও সংমণ্ডলে) জল জীৱন মিছনৰ অধিনত কেইবা কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিছিল দুটাকৈ পানী যোগান আঁচনি। ইয়াৰে … Read more

গাঁৱত বাল্য বিবাহ কৰি পদ হেৰুৱালে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰে

গাঁৱত বাল্য বিবাহ কৰি পদ হেৰুৱালে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰে

ডিজিটেল সেৱা, নগাঁও: বাল্য বিবাহত জড়িত হৈ গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদ হেৰুৱালে নগাঁও জিলাৰ মহেৰিপাৰ গাওঁ পঞ্চায়তৰ সদস্য আজিজুৰ ৰহমানে। জিলাখনৰ বগৰিগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত উক্ত গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যজনে নিৰ্বাচনৰ সময়ত নথি জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হোৱাত জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে কৰা তদন্তত এই কথা স্পষ্ট হয় যে, তেওঁ নাবালক অৱস্থাতে … Read more

নগাঁও ছোৱালী কলেজত ঔদ্যোগিক প্ৰশিক্ষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

নগাঁও ছোৱালী কলেজত ঔদ্যোগিক প্ৰশিক্ষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা: নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০’ -ৰ অধীনৰ উদ্যোগ বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ (ইডিপি)আজি জিলা আযুক্ত দেৱাশীষ শৰ্মাই পৰিদৰ্শন কৰে। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা যুৱক -যুৱতীসকলক উদ্দেশ্যি আয়ুক্ত গৰাকীয়ে দিয়া চমু ভাষণত কয় যে, কেৱল চাকৰিৰ পিছত নুঘূৰি নিজকে এজন সফল উদ্যোগী হিচাপে গঢ়ি তোলাটোৱে হৈছে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ … Read more

ৰূপহীহাট-চামগুৰিত মহিলা উদ‍্যমিতাৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰূপহীহাট-চামগুৰিত মহিলা উদ‍্যমিতাৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সেৱা: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত দুখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ক্ৰমে ১৯,৮৪০ আৰু ২৫,৬৫৮ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° … Read more

চামগুৰিত উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

চামগুৰিত উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সেৱা, চামগুৰি:- অসম প্ৰতিগৰাকী মহিলা জাগ্ৰত৷ সকলো মহিলাই নিজৰ স্বামীক সহায় কৰিব বিচাৰে৷ গতিকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিগৰাকী মহিলাক স্বাবলম্বী কৰিবলৈ “ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ জৰিয়তে মহিলা সকলক সহায় কৰিবলৈ চেষ্টা কৰা হৈছে৷ মুখ‍্যমন্ত্ৰী মহিলা উদ‍্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয় আঁচনিয়ে আৰ্থিক সুৰক্ষা আৰু অৰ্থনৈতিক সৱলীকৰণৰ জৰিয়তে মহিলাসকলৰ মৰ্যদাপূৰ্ণ … Read more

মহিলা উদ্যমিতা আঁচনিৰ চামগুৰিত চেক বিতৰণ কৰিব পীযুষ হাজৰিকাই

মহিলা উদ্যমিতা আঁচনিৰ চামগুৰিত চেক বিতৰণ কৰিব পীযুষ হাজৰিকাই

ডিজিটেল সেৱা, নগাঁও: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁৱৰ ধিঙত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ২২,৮১৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। কাইলৈ ২১ জুলাই তাৰিখে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উক্ত আঁচনিৰ চেক … Read more