কলিয়াবৰত ৩ টাকৈ বান সাহায্য শিবিৰ তদাৰক কৰিলে জিলা আয়ুক্ত‌ই         

কলিয়াবৰত ৩ টাকৈ বান সাহায্য শিবিৰ তদাৰক কৰিলে জিলা আয়ুক্ত‌ই         

ডিজিটেল সেৱা, কলিয়াবৰ: বিগত দিনবোৰত কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ সমজিলাৰ অধীনৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, দিজু ভেলী চাহ বাগিচা আৰু লেংটেং চাহ বাগিচা আদি কেইবাটাও অঞ্চল প্লাবিত কৰিছে। এই  বানৰ ফলত অঞ্চলটোৰ প্ৰায় ৭৩২ গৰাকী লোক প্ৰভাৱিত হৈছে।  পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ২০ জুলাই তাৰিখে জিলা আয়ুক্ত … Read more

কাৰ্বি আংলঙত ভয়ংকৰ বানৰ বিভীষিকাঃ যুৱকৰ মৃতদেহ উদ্ধাৰ

কাৰ্বি আংলঙত ভয়ংকৰ বানৰ বিভীষিকাঃ যুৱকৰ মৃতদেহ উদ্ধাৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ উজনি অসমৰ পিছত এইবাৰ বানৰ সংহাৰী ৰূপ মধ‍্য অসমত৷ বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰ আকৰ কান্তিলাংছ আৰু ভিৰবাৰ পাহাৰৰ পৰা বৈ অহা মুষলধাৰ বৰষুণৰ পানীয়ে বুৰাই পেলাইছে দেনগাওঁ, ডকমকা সহ কাষৰীয়া প্ৰায় ২৭ খনৰো অধিক কাৰ্বি গাওঁ৷ যোৱা নিশাৰে পৰা গাঁৱকেইখনত আৱদ্ধ … Read more

ধিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ধিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা, ধিং: ধিং মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সংগীত শিল্পী চামছুদ্দিন আহমেদৰ পবিত্ৰ সোঁৱৰণত উৎসৰ্গিত এই বিশেষ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানত জিলা আয়ুক্তই উপস্থিত শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক … Read more

ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি নগাঁৱত কেইবাটাও সংগঠনৰ বিক্ষোভ 

ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি নগাঁৱত কেইবাটাও সংগঠনৰ বিক্ষোভ 

ডিজিটেল সেৱা, নগাঁও: দিল্লীৰ যন্তৰ মন্তৰত ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি আৰু কৃষক নেতা আদিত্য ৰাভা আৰু প্রণৱ দলে সহ গ্ৰেপ্তাৰ কৰা সকলক বিনাচর্তে মুক্তিৰ দাবীত আজি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্যিক কৃষক সভা, চি. আই. টি. ইউ., সদৌ অসম প্ৰগতিশীল নাৰী সন্থা , নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, … Read more

ধিঙত মহিলা উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ধিঙত মহিলা উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সেৱা, নগাঁও: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁৱৰ ধিঙত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ২২,৮১৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে।এই উপলক্ষে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দহ হাজাৰ টকা মহিলাসকলক জীৱিকা অৰ্জন কৰিবলৈ আৰু অৰ্থনৈতিক স্বাধীনতা … Read more

কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিভিন্ন অঞ্চল: জলমগ্ন বহু গাঁও

কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিভিন্ন অঞ্চল: জলমগ্ন বহু গাঁও

ডিজিটেল সেৱা, ​গেলেকী: যোৱা নিশাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত গেলেকীৰ অভ্যন্তৰীণ তথা ভিতৰুৱা বহু অঞ্চলত তীব্ৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। স্থানীয় কেইবাখনো নদীৰ বাঢ়নী পানীয়ে ক্ষিপ্ৰতাৰে সমগ্ৰ অঞ্চল বুৰাই পেলোৱাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ​বানৰ কৱলত পৰা উল্লেখযোগ্য অঞ্চলসমূহৰ ভিতৰত নামতি অঞ্চলৰ লোণপুৰীয়া, গেলেকীৰ ন-পাম বাৰুৱতীৰ গোহাঁই গাঁও, চাংমাই টিং, বৰহোলা, … Read more

নাজিৰাত ৰেলৰ খুন্দাত দিখৌ নদীত পৰি সন্ধানহীন বিহাৰৰ এজন ব্যক্তি

নাজিৰাত ৰেলৰ খুন্দাত দিখৌ নদীত পৰি সন্ধানহীন বিহাৰৰ এজন ব্যক্তি

​ডিজিটেল সেৱা,গেলেকী :  নাজিৰা-শিমলুগুৰি সংযোগী দিখৌ নদীৰ ৰেল দলঙৰ ওপৰত আজি এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। ৰেলৰ খুন্দাত এজন ব্যক্তি নদীৰ বুকুলৈ ছিটকি পৰি সন্ধানহীন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা নাজিৰা-শিমলুগুৰি সংযোগী ৰেল দলঙৰ ওপৰেদি পাৰ হৈ থকাৰ সময়তে উজনিমুৱা এখন এক্সপ্ৰেছ ৰেলে ব্যক্তিজনক খুন্দা মাৰে। ইয়াৰ ফলত তেওঁ দলঙৰ ওপৰৰ পৰা পোনপটীয়াকৈ … Read more

নীটত ১১ গৰাকীয়ে মেডিকেলত স্থান লাভ নগাঁৱৰ লালনচ কোচিং ক্লাছেচৰ

নীটত ১১ গৰাকীয়ে মেডিকেলত স্থান লাভ নগাঁৱৰ লালনচ কোচিং ক্লাছেচৰ

ডিজিটেল সেৱা : সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত নগাঁৱৰ নালনছ কোচিং ক্লাছেচে বিশেষ সফলতা লাভ কৰিছে। এইবাৰৰ নীট পৰীক্ষাত শিক্ষানুষ্ঠানটোৰ পৰা পৰীক্ষাত অৱতীৰ্ণ মুঠ ৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত বৰ্তমানলৈকে ১১ গৰাকী শিক্ষাৰ্থীয়ে নীট পৰীক্ষাত সফলতা লাভ কৰি মেডিকেলত নাম ভৰ্তি কৰাৰ যোগ্যতা অৰ্জন কৰাৰ কৰাৰ খবৰে শিক্ষানুষ্ঠানখনৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে আতাউৰ ৰহমান(প্ৰাপ্ত … Read more

বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ বাৰ্ষিক সমাৰোহত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ বাৰ্ষিক সমাৰোহত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

অদিতি সেৱা, বটদ্ৰৱা: বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ নৱম বাৰ্ষিক সমাৰোহ উপলক্ষ্যে আজি বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ মুকলি মঞ্চত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা আৰু চিত্ৰকলাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ নিজৰ ভাষণত কয় যে, চিত্ৰকলা হ’ল মানুহৰ মনৰ ভাব প্ৰকাশ কৰাৰ … Read more

নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ’চাইটিৰ ইণ্টাৰ্নসকলৰ দগাঁও চিকিৎসালয় ভ্ৰমণ

নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ’চাইটিৰ ইণ্টাৰ্নসকলৰ দগাঁও  চিকিৎসালয় ভ্ৰমণ

ডিজিটেল সেৱা, জুৰীয়া: নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ’চাইটিৰ উদ্যোগত আৰু পিপলচ্ ৱেলফিয়াৰ এণ্ড স্কিল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত স্বাস্থ্যসেৱা আৰু জীৱবিজ্ঞান ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ অংশ হিচাপে জুৰীয়া মহাবিদ্যালয়ৰ ইণ্টাৰ্নসকলে দগাঁও আদৰ্শ চিকিৎসালয় ভ্ৰমণ কৰে।ভ্ৰমণকালত ইণ্টাৰ্নসকলে চিকিৎসালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি ৰক্ত পৰীক্ষা, HIV/AIDS পৰীক্ষা, প্ৰাথমিক স্বাস্থ্যসেৱা আৰু ৰোগী সেৱা সম্পৰ্কে ব্যৱহাৰিক জ্ঞান লাভ কৰে। উক্ত কাৰ্যসূচী সফলতাৰে … Read more