নীট পৰীক্ষাত সফলতা অৰ্জন কৰা আকাশ ৰঞ্জন দত্তক উষ্ণ সম্বৰ্ধনা

নীট পৰীক্ষাত সফলতা অৰ্জন কৰা আকাশ ৰঞ্জন দত্তক উষ্ণ সম্বৰ্ধনা

ডিজিটেল সেৱা,গেলেকী:– অধ্যৱসায়ৰ দীপ্তি আৰু অদম্য মনোবলৰ সমন্বয়ত অৰ্জিত সাফল্য কেৱল এজন ব্যক্তিৰ ব্যক্তিগত কৃতিত্ব নহয়, ই সমগ্ৰ সমাজৰ গৌৰৱ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। এনে এক গৌৰৱোজ্জ্বল কৃতিত্বৰ পৰিচয় দিছে নামতি শালকাঠনি গাঁৱৰ অনিল দত্ত আৰু ইনুমা দত্তৰ সুযোগ্য পুত্ৰ আকাশ ৰঞ্জন দত্তই।মেধাৱী ছাত্ৰ আকাশ ৰঞ্জন দত্তই শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত NEET … Read more

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ‘ৰান্ধনীশালত বিজ্ঞান’ শীৰ্ষক কৰ্মশালা

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ‘ৰান্ধনীশালত বিজ্ঞান’ শীৰ্ষক কৰ্মশালা

ডিজিটেল সেৱা ,গেলেকী: ইলোৰা বিজ্ঞান মঞ্চ, শিৱসাগৰ শাখাৰ উদ্যোগত আৰু সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নাজিৰা শিক্ষাখণ্ডৰ সহযোগত শেহতীয়াকৈ মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘ৰান্ধনীশালত বিজ্ঞান’ শীৰ্ষক এখনি স্বাস্থ্য সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হৈ যায়।ইলোৰা বিজ্ঞান মঞ্চৰ শিৱসাগৰ শাখাৰ সাধাৰণ সম্পাদক ব্ৰজেন ফুকনে আঁতধৰা আৰু শাখা সভাপতি দিলীপ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে … Read more

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ চেকনী চাহবাগিচা পৰিদৰ্শন

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ চেকনী চাহবাগিচা পৰিদৰ্শন

ডিজিটেল সেৱা,কলিয়াবৰ: নগাঁও জিলাৰ জখলাবন্ধাস্থিত চেকনী চাহ বাগিচাত চলি থকা তলাবন্ধ আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহৰ খতিয়ান লোৱাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি সন্ধিয়া বাগিচাখন পৰিদৰ্শন কৰে। কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাৰ সৈতে সমগ্ৰ চেকনী চাহ বাগিচা অঞ্চলটো পৰিদৰ্শন কৰি তলাবন্ধৰ বাবে বাগিচাখনত পূৰ্বতে কৰ্মৰত শ্ৰমিকসকলে বৰ্তমান দৈনিক জীৱন প্ৰবাহ চলাই নিয়াত সন্মুখীন … Read more

নগাঁৱত চিত্ৰ প্ৰদৰ্শনী মুকলি কৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

নগাঁৱত চিত্ৰ প্ৰদৰ্শনী মুকলি কৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা: “শিল্পকলাৰ মাজত থাকে স্মৃতি ধৰি ৰখা, আৱেগ প্ৰকাশ কৰা আৰু হৃদয়সমূহক একলগ কৰাৰ এক অপূৰ্ব শক্তি। সেই শক্তিৰে সমাজ সুন্দৰ কৰাৰ প্ৰয়াস যুগ যুগান্তৰ ধৰি চলি আহিছে।” আজি নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ কৰা বিথিকাত আয়োজিত এখন চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত এইদৰে কয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। অসমৰ একাংশ প্ৰতিভাশালী শিল্পীৰ … Read more

সকলো প্ৰকৃত কৃষকে পঞ্জীয়ন কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ

সকলো প্ৰকৃত কৃষকে পঞ্জীয়ন কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল সেৱা: নগাঁও জিলাৰ প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা আৰু সাৰ লাভৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ তথা সম্প্ৰসাৰিত কৰিবলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ প্ৰদান কৰিছে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত কৃষক পঞ্জীয়নৰ বিষয়টোৰ পৰ্যালোচনা কৰি তেওঁ এইদৰে কয়। উল্লেখযোগ্য যে, … Read more

কাৰ ভুলৰ বাবে দ’ খাৱৈত পৰি মৃত্যু হ’ল তিনি কিশোৰ-কিশোৰীৰ ?

কাৰ ভুলৰ বাবে দ’ খাৱৈত পৰি মৃত্যু হ’ল তিনি কিশোৰ-কিশোৰীৰ ?

◆জমিৰউদ্দিন তালুকদাৰ◆ পাহাৰৰ মাটিত জেচিবিৰে একাংশ লোকে খনন কৰাৰ ফলত সৃষ্টি হোৱা দ’ খাৱৈত পৰি মংগলবাৰে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলিত দুগৰাকী কিশোৰীৰ লগতে এজন কিশোৰৰ সলিল সমাধি ঘটে৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ডবকা পাহৰৰ নামনি অংশৰ সমতল ভূমিত স্থানীয় কেইগৰাকী মান লোকে পাহাৰৰ … Read more

ৰাজ্যজুৰি ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰা হয়

ৰাজ্যজুৰি ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰা হয়

ডিজিটেল সেৱা: দেওবাৰে ৰাজ্যৰ বিভিন্ন জিলাত কমেও ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয় । এই নিচাজাতীয় সামগ্ৰী দাহ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয় ৷দৌলাশালত মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰে ৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰীয়ে নিজেই ৰোলাৰ … Read more

কৃত্ৰিম বানত ককবকাইছে নাজিৰাৰ দেওপানী গোহাঁই চাঙমাইটিং অঞ্চল

কৃত্ৰিম বানত ককবকাইছে নাজিৰাৰ দেওপানী গোহাঁই চাঙমাইটিং অঞ্চল

ডিজিটেল সেৱা ,গেলেকী : নাজিৰা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেওপানী গোহাঁই চাঙমাইটিং অঞ্চলত কৃত্ৰিম বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত দুটা দিন ধৰি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ থকাৰ ফলত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ​প্ৰাপ্ত খবৰ অনুসৰি, অঞ্চলটোৰ অধিকাংশ লোকৰ বাসগৃহত বৰ্তমান বানৰ পানী প্ৰৱেশ কৰিছে। যাৰ ফলত সা-সম্পত্তি নষ্ট হোৱাৰ … Read more

নগাঁও জিলাৰ তাৰাবাৰীত জিলা পৰ্যায়ত বিশ্ব জনসংখ্যা দিৱস উদযাপন

নগাঁও জিলাৰ তাৰাবাৰীত জিলা পৰ্যায়ত বিশ্ব জনসংখ্যা দিৱস উদযাপন

ডিজিটেল সেৱা: বিশ্ব জনসংখ্যা দিৱস (WPD) উপলক্ষে ১১জুলাই তাৰিখৰ পৰা ১৮ জুলাই তাৰিখলৈকে অনুষ্ঠিত হ’বলগীয়া কাৰ্য্যসূচীৰ অংশ হিচাপে নগাঁও জিলাৰ শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তাৰাবাৰী এম.পি.এইচ.চি.-ত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক,ডাঃ পঞ্চম কুমাৰ বৰা, জিলা ন’ডেল বিষয়া (MDSR), ডাঃ কৃষ্ণ কে. বৰা, এছ.ডি.এম.& এইচ.অ’, … Read more

বিন্নাকান্দিৰ চাৰিং গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ধন লুণ্ঠন

বিন্নাকান্দিৰ চাৰিং গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ধন লুণ্ঠন

◆জমিৰ উদ্দিন তালুকদাৰ◆ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিং পথাৰ গাওঁ পঞ্চায়তখনৰ সভানেত্ৰী আবিদা বেগম আৰু তেওঁৰ স্বামী মামুন ৰচিদৰ বিৰুদ্ধে পঞ্চায়তখনত আবন্টিত উন্নয়নমূলক আঁচনিত ব্যাপক অনিয়মৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে পঞ্চায়ত৷ আজি গাওঁ পঞ্চায়তখনৰেই একাংশ লোকে পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এই দুৰ্নীতিক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়তৰখনৰ কাম … Read more