‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

ডিজিটেল সেৱা: অহা ১২ জুন তাৰিখে ‘চুপা চুপি খণ্ড ২‘ ছবিখন চিনেমা হলত মুক্তি পাব।যোৱা বুধবাৰে ছবিখনৰ লগত জড়িত অভিনেতা আৰু কলা-কুশলীসকল ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় আৰু ছবিখনৰ সফলতা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।বৰ্তমান ছবিখনৰ সমগ্ৰ কলা-কুশলী দলটো প্ৰচাৰ অভিযানত অতি ব্যস্ত হৈ পৰিছে। ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। আনহাতে … Read more

শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

ডিজিটেল সেৱা: শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ । নতুন অসমীয়া ছবি ‘বাৰুদ ২’ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণপুৰুষ জুবিন গাৰ্গৰ আশীৰ্বাদ লয় গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত থকা অনুৰাগীসকলৰ কণ্ঠত জুবিনৰ কালজয়ী গীত শুনি নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে গৰিমাই । অনুৰাগীৰ মৰম আৰু জুবিনৰ স্মৃতিয়ে তেওঁক আৱেগিক কৰি তোলে … Read more

জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

ডিজিটেল সেৱা: জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত সন্দৰ্ভত আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ বৃহস্পতিবাৰে আদালতে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান কৰে ৷ শর্মিলা ভূঞাৰ আদালতে নাকচ কৰে শ্যামকানু মহন্তৰ জামিন আবেদন । যোৱা ১০ এপ্ৰিলত জামিনৰ বাবে ফাষ্টট্ৰেক আদালতত আবেদন জনাইছিল অভিযুক্ত শ্যামকানু মহন্তই । সেই আবেদনৰ ভিত্তিত আদালতে ২২ আৰু ২৩ এপ্ৰিলত … Read more

চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

ডিজিটেল ডেস্ক: ড্ৰেছিং ৰূমত চিগাৰেট হুপি জৰিমনাৰ সন্মুখীন ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ড্ৰেছিং ৰূমৰ ভিতৰত ‘ভেপিং’ (ই-চিগাৰেট হুপি থকা) কৰি ধৰা পৰাৰ পিছত তেওঁৰ মেচ-ফিৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে । লগতে তেওঁৰ গুৰুত্বপূৰ্ণ খেলুৱৈ জীৱনত ‘ডিমেৰিট পইণ্ট’ দিয়া হৈছে । আইপিএলৰ এক প্ৰেছ … Read more

অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

◆ডী.কে.চৌহান◆ অসমৰ ৰাজনৈতিক ইতিহাসত চাহ বাগিচা আৰু আদিবাসী সমাজে দীৰ্ঘদিন ধৰি নীৰৱভাৱে অংশগ্ৰহণ কৰি আহিছে। বহু বছৰ ধৰি এই সমাজসমূহৰ ভূমিকা কেৱল ভোটদানতেই সীমাবদ্ধ আছিল। কিন্তু সময়ৰ লগে লগে এই নীৰৱতা ভাঙি পৰিছে। আজি অসমৰ ৰাজনীতিত এই সত্য অস্বীকাৰ কৰিব নোৱাৰি যে চাহ বাগিচা আৰু আদিবাসী সমাজৰ সমৰ্থন অবিহনে ৰাজ্যত কোনো চৰকাৰ গঠন কৰা সম্ভৱ … Read more

ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

◆লিম্পী শইকীয়া◆ ৰুদ্ৰাণী শৰ্মা অসমীয়া সাহিত্য জগতৰ এটা চিনাকি নাম। তেওঁৰ শেহতীয়া উপন্যাস ‘চফৰনামা’। ৰুদ্ৰাণী শৰ্মাৰ আন আন উপন্যাস সমূহ হ’ল- উত্তৰকাল (২০১৩) দমিতাৰ দস্তাবেজ (২০১৪) লৌহিত্য তীৰৰ অমৃত গাথা (২০১৫) পাণবজাৰৰ পাণ্ডুলিপি (২০১৬) কাঁহিবুনৰ মালিতা (২০১৭), ত্রিভুজ (২০২০) বতাহৰ ছবি (২০২১)। ‘চফৰনামা’ এখন ভ্রমণ উপন্যাস। চফৰনামা শব্দটো উর্দুমূলৰ। ইয়াৰ অসমীয়া অৰ্থ ভ্রমণ বিৱৰণ। উপন্যাসখন … Read more

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

◆মনোৰঞ্জন বৰা◆ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম এখন পুৰণি সভ্যতাৰ আকাশলঙ্ঘী স্থানত থকা ৰাজ্য। যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল। যেনে – ৰত্নপীঠ , কামপীঠ , স্বৰ্ণপীঠ আৰু সৌমাৰ পিঠ । এই ৰাজ্যৰ উত্তৰ পূবত অৱস্থিত সৌমাৰপীঠতেই ৪০০ বছৰৰো অধিক সময় ধৰি প্ৰৱল প্ৰতাপী চুতীয়া ৰজাই শাসন কৰি আহিছিল। ভীষ্মক ৰজাৰ পৰা আৰম্ভ … Read more

প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

◆ৰেজাউল কৰিম◆ ১৮২২ চনত গোৱালপাৰাজিলাখন উত্তৰ পূৱ ৰংপুৰৰ জিলা আছিল। ৰংপুৰ বৰ্তমানে বাংলাদেশৰ অন্তৰ্গত।১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত অসম বৃটিছ চৰকাৰৰ অধীন হয় আৰু গোৱালপাৰাখনকো অসমৰ সৈতে সাঙুৰি দিয়া হয়। ইয়াৰ আগলৈকে গোৱালপাৰা অসমৰ সৈতে নাছিল আৰু অসমখনো বৃটিছ ভাৰতৰ তলতীয়া নাছিল। ১৮৮৬ চনৰ অসম ভূমি নীতি বলবৎ হোৱাৰ আগলৈকে গোৱালপাৰাত চিৰস্থায়ী বন্দোবস্তী সম্পৰ্কীয় নীতি … Read more

ধৰ্মতকৈ জাতি সদায় আগত

ধৰ্মতকৈ জাতি সদায় আগত

ধৰ্ম আৰু জাতিৰ মাজত তুলনামূলক আলোচনা আগবঢ়োৱাৰ আগতে আমি ধৰ্ম আৰু জাতি সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম। ধৰ্ম:- ধৰ্ম কি, ধৰ্মৰ উদ্দেশ্য, লক্ষ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ আৰম্ভণিতে ধৰ্মসমূহ কেতিয়া আৱিৰ্ভাৱ হৈছিল, সেই বিষয়ে আলোচনা আগবঢ়াম। ধৰ্মসমূহ দুই ধৰণে আৱিৰ্ভাৱ হৈছিল। সেয়া হ’ল, সংগঠিত ৰূপত ধৰ্ম আৰু অসংগঠিত ৰূপত ধৰ্ম। সংগঠিত ৰূপত প্ৰধান ধৰ্মসমূহ হ’ল, … Read more

ইৰানৰ ওপৰত আমেৰিকা- ইজৰাইলৰ আক্ৰমণ

ইৰানৰ ওপৰত আমেৰিকা- ইজৰাইলৰ আক্ৰমণ

◆ড° শৰৎ বৰকটকী◆ আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত চলোৱা সামৰিক আক্ৰমণে মধ্যপ্ৰাচ্যৰ ৰাজনীতিৰ লগতে বিশ্বৰ ৰাজনীতি গভীৰভাৱে কঁপাই তুলিছে। বিশেষকৈ ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনীৰ বোমা বিস্ফোৰণত মৃত্যু হোৱা ঘটনাই এই সংঘাতক এক নতুন স্তৰত লৈ গৈছে। আমেৰিকা-ইজৰাইলৰ ইৰানৰ ওপৰত এই আক্ৰমণ কেৱল সামৰিক দিশতে নহয়, কূটনৈতিক, ৰাজনৈতিক আৰু ভূ-ৰাজনৈতিক ক্ষেত্ৰতো বহুত ডাঙৰ প্ৰভাৱ পৰাৰ … Read more